বটদ্ৰৱাত "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ"ৰ বিশাল আয়োজনঃ মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বৈঠক

 12/20/2020 - 19:53

 

 বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰাজি, কলা, সাহিত্য, সংস্কৃতি, দৰ্শন বিশ্বব্যাপি প্ৰচাৰ প্ৰসাৰৰ লক্ষ্যৰে মাধৱ সাংস্কৃতিক ন্যাসৰ উদ্যোগত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত বৃহত্তৰ বটদ্ৰৱাত অনুষ্ঠিত হব "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ" নামৰ এক বিশেষ সাংস্কৃতিক মহোৎসৱ। ৰাজ্য, বহিঃৰাজ্য আৰু বিদেশৰ বহু শিল্পী, সাহিত্যিক, গৱেষকৰ আগমন ঘটিবলগীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ"ৰ প্ৰস্তুতি সন্দৰ্ভত আজি এখনি বৈঠক সম্পন্ন হয়। অহা ২৯, ৩০ আৰু ৩১ জানুৱাৰীত বটদ্ৰৱা থান আৰু ইয়াৰ চৌপাশে থকা কুজিসত্ৰ, ভেটিয়নী নৰোৱা সত্ৰ, বালিসত্ৰ, নসত্ৰ, কৰচোং সত্ৰ, আইভেটি, ধিং আউনীআটী সত্ৰত সমানে বৰ্ণাধ্য সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত হব। বটদ্ৰৱা থানৰ পুথিভঁড়াল পেক্ষাগৃহত আজি অনুষ্ঠিত সভাত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱগোস্বামী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱৰ সমন্বয়ক ব্ৰজেন কাকতি, থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, মাাধৱ সংস্কৃতি ন্যাসৰ ন্যাসৰক্ষক ড° ধনঞ্জয় কুশ্ৰে, শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰাাজী দত্ত, ভাৰত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্য্যকৰী সদস্য ড০ দয়াল কৃষ্ণ নাথ, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সদস্য সকল উপস্থিত থাকে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।