নগাঁৱত টাই আহোম যুৱ পৰিষদৰ সভা অনুষ্ঠিত

 12/21/2020 - 15:09

 

নগাঁওঃ নগাঁৱত সদৌ অসম টাই আহোম যুৱ পৰিষদৰ এখন সভা অনুষ্ঠিত হয়৷ পৰিষদৰ সভাপতি হেমন্ত চাংমাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জনগোষ্ঠীটোৰ সৰ্বাঙ্গীণ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ অনাগত দিনত যাতে জনগোষ্ঠীটোৰ বাবে অধিক কাম-কাজ কৰি যাব পাৰে সেই উদ্দেশ্যে এই সভাখনতেই নগাঁও জিলা সমিতিখনো গঠন কৰা হয়৷ কীৰ্তিজিত ঢেকিয়াল ফুকনক সভাপতি, প্ৰাণজিৎ বুঢ়াগোহাঁইক কাৰ্যকৰী সভাপতি আৰু উদীপ্ত গোঁহাইক সম্পাদক হিচাপে লৈ ২১ জনীয়া জিলা সমিতিখন গঠন কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।