অৰুণাচলৰ ডায়ুনত চাঞ্চল্যৰ ঘটনাঃ বিহাৰৰ এগৰাকী কৰ্মচাৰীৰ লগতে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক সশস্ত্ৰ সংগঠনৰ অপহৰণ

 12/22/2020 - 13:01

 

শিৱসাগৰঃ অৰুণাচলৰ ডায়ুনত চাঞ্চল্যৰ ঘটনা৷ এটা পোন্ধৰ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰিলে তৈল প্ৰতিষ্ঠানৰ দুই বিষয়াক। ডায়ুনৰ খুমচাই খা অঞ্চলত কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানে অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি লৈ যায় অস্ত্ৰধাৰী দলটোৱে৷ ইয়াৰে প্ৰণৱ কুমাৰ গগৈৰ ঘৰ শিৱসাগৰত আৰু ৰাম কুমাৰৰ ঘৰ বিহাৰত। ঘটনাৰ খবৰ লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে প্ৰণৱ কুমাৰ গগৈৰ গৃহ নগৰ শিৱসাগৰত। লগতে উদ্বিগ্ন হৈ পৰিছে গগৈৰ পৰিয়ালবৰ্গ। গগৈৰ বৃদ্ধ পিতৃ-মাতৃ, পত্নী, তিনিগৰাকী ছোৱালীৰ লগতে এটকমাত্ৰ পুত্ৰৰ এতিয়া গগৈৰ নিৰাপত্তাক লৈ চিন্তিত হৈ পৰিছে। শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথ নিবাসী প্ৰণৱ কুমাৰ গগৈ ইয়াৰ আগতে মিজোৰামত কৰ্মৰত আছিল।

লকডাউন'ৰ পিছতে তেখেতে কুই’প নামৰ ব্যক্তিগত তৈল প্ৰতিষ্ঠানত যোগদান কৰিছিল। যোৱা ১৮ ডিচেম্বৰত তেখেত শিৱসাগৰৰ পৰা অৰুণাচল প্ৰদেশৰ নিজৰ কৰ্মস্থলীলৈ গৈছিল। ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কাইলৈ অৰুণাচল প্ৰদেশত পঞ্চায়ত নিৰ্বাচন৷ উল্লেখযোগ্য যে বিগত ২০১৯ বৰ্ষটো এনে অপহৰণৰ ঘটনা সংঘটিত হৈছিল অৰুণাচলত। তথ্য অনুসৰি আলফা স্বাধীন আৰু NSCN K ৰ যৌথ উদ্যোগত সংঘটিত হৈছে এই অপহৰণ কাণ্ড৷ অপহৃত গগৈৰ পৰিয়ালৰ পৰা জানিব পৰা মতে তেওঁলোকে এই অপহৰণ কাণ্ডৰ ঘটনাৰ বাতৰি আজি পুৱাৰ ভাগত টিভি চেনেলৰ বাতৰিৰ দ্বাৰাহে গম পাই। অৱশ্যে ইতিমধ্যে কুই’প নামৰ ব্যক্তিগত তৈল প্ৰতিষ্ঠানৰ ভট্টাচাৰ্য উপাধিৰ এজন শীৰ্ষ বিষয়াই ফোন যোগে পৰিয়ালৰ লোকক অপহৰণকাৰীৰ কবলৰ পৰা গগৈৰ মুক্তিৰ বাবে প্ৰতিস্থানটোৱে সকলো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰিছে। ইফালে বৰ্তমান লৈকে অপহৰণকাৰী সকলৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ কৰা হোৱা নাই বুলি পৰিয়ালৰ লোকক জানিবলৈ দিছে প্ৰতিষ্ঠানৰ শীৰ্ষ বিষয়া ভট্টাচাৰ্যই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।