ঘগ্ৰাপাৰত একেদিনাই ৯ খনকৈ বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন

 12/22/2020 - 13:55


বাহাৰঘাটঃ ভাৰতীয় জনতা পাৰ্টীৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ অন্তৰ্গত নখনকৈ গাঁও পঞ্চায়তত আজি দলটোৰ কাৰ্য‍কৰ্তা সন্মিলন অনুষ্ঠিত হয়। মণ্ডল সমিতিখনৰ অন্তৰ্গত দেহাৰকুছি, দতৰা, ঘগ্ৰাপাৰ, পুৱ-বনভাগ, খাতিকুছি, আল্লিয়া, দিহজাৰী, বালিতাৰা আৰু চটাইবাৰী পঞ্চায়তত অনুষ্ঠিত হোৱা সভাকেইখনৰ ঘগ্ৰাপাৰৰ সভাখনত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে অংশগ্ৰহণ কৰি দলীয় কাৰ্যকৰ্তাসকলক উদ্দেশি ভাষণ প্ৰদান কৰে।

সোমবাৰে আবেলি চিলিং মধ্য ইংৰাজী বিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত সভাখনত চিলিং গাঁৱৰ বুথ সভাপতি মানৱেন্দ্ৰ হালৈয়ে আঁত ধৰে। সভাখনত ডাঃ মৃগাংক তালুকদাৰে সমাগত বিধান সভা নিৰ্বাচনৰ বাবে দলীয় কৰ্মীসকলক মানসিকভাৱে সাজু হ'বলৈ আহ্বান জনায়।

নিজৰ ভাষণত নেতাগৰাকীয়ে সমাগত নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ‍্য চৰকাৰৰ আঁচনিসমুহ ৰাইজৰ মাজলৈ নি বিতংভাৱে বুজাই দিবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনায়। চানক‍্য, কুশল কোঁঁৱৰ, বীৰ চাভাৰকাৰ আৰু পৃখিৰাজ চৌহান শক্তিকেন্দ্ৰৰ উদ‍্যেগত আয়োজিত সভাখনত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মা, প্ৰাক্তন সভাপতি মৃদুল কলিতায়ো ভাষণ ৰাখে।

উক্ত সভাখনত ৰাজ্যিক সমবায় কোষৰ সদস্য ভ্ৰমৰ মজুমদাৰ, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, কাউন্সিলাৰ মনেশ্বৰ ভৰালী, উপসভানেত্ৰী বিনীতা মজুমদাৰ, নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কুলদ্বীপ কলিতা, শক্তিকেন্দ্ৰৰ আহ্বায়ক বিৰেন ডেকা, চামচুল আলী আদিয়ে অংশগ্ৰহণ কৰে। উক্ত সভাত ১৫ খন বুথ সমিতিৰ বিষয়ববীসকলৰ লগতে তিনিশতাধিক দলীয় কৰ্মী সমৰ্থক উপস্থিত থাকে।

ইপিনে বৰাজোল আৰু খাতিকুছি অনুষ্ঠিত হোৱা উক্ত কাৰ্যকৰ্তা সন্মিলন ৰাজ‍্যিক বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক আগন্তুক বিধান সভা নিৰ্বাচনলৈ সাজূ হ'বলৈ আহ্বান জনায়। আনহাতে দতৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গুৱাকুছি ১৯৪ বুথত অনুষ্ঠিত হোৱা কাৰ্যকৰ্তা সন্মিলনত নলবাৰী জিলা পৰিষদৰ অধ‍্যক্ষ নিতুল ডেকা,দতৰা গাঁও পঞ্চায়তৰ প্ৰভাৰী শ‍্যামন্ত শৰ্মা, বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱা আদি উপস্থিত থকা সভাখনৰ আঁত ধৰে বিজেপি কৰ্মী মুকুতাৰ ৰহমানে। সভাত নিতুল ডেকাই বিজেপি চৰকাৰৰ অভিলাষী আঁচনিসমুহ ৰাইজৰ মাজলৈ লৈ যাবলৈ দলীয় কাৰ্যকৰ্তাসকলক আহ্বান জনায়। সভাখনত প্ৰায় তিনিশতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।