নগাঁৱৰ বৰকলাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণাঙ্গ মূৰ্ত্তি উন্মোচন

 12/25/2020 - 16:31


কামপুৰঃ জাতি-জনগোষ্ঠীৰ মিলনভূমি নগাঁৱৰ বৰকলাত সৰ্বত্ৰতে উচ্চাৰিত হৈছে চিৰ চেনেহি ভাষা জননী। উল্লেখ্য যে নগাঁও জিলাৰ কামপুৰ বৰকলাত আজি উন্মোচন কৰে সাহিত্যৰথী আধুনিকতাৰ অধিনায়ক লক্ষ্মীনাথ বেজবৰুৱাৰ ওঠৰ ফুট উচ্চতাৰ এটি আৱক্ষ্য মূৰ্ত্তি বৰকলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত উন্মোচন কৰে। এই আৱক্ষ্য মূৰ্ত্তিটো উন্মোচন কৰে বৰকলা আদৰ্শ লালুংগাৱৰ গাঁওবুঢ়া মনোৰম ডেকা ৰজাই।

উন্মোচনী সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডঃ বসন্ত কুমাৰ গোস্বামীৰ লগতে বিশিষ্ট অতিথি হিচাপে বিশিষ্ট বৈষ্ণৱ পণ্ডিত সাহিত্যিক ডঃ নৰেন কলিতাৰ উপৰিও সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁৱৰ উপাচাৰ্য ডঃ হিতেশ ডেকা কবি নন্দ সিং বৰকলা আদিয়ে ভাষন ৰাখে লগতে ৰা ভাস্কৰ্য শিল্পীলক্ষ্যজিৎ বৰা উন্মোচনী সভাত উপস্থিত থাকে।

এই উন্মোচনী সভাত ডঃ নন্দ সিং বৰকলাৰ "পোহৰত তিতা মানুহ" , নন্দসিং বৰকলাৰ আৰূ সহধমনী কবিতাৰাণী সিংৰ সম্পাদিত "অ মোৰ ওপজা ঠাই', ডঃ বসন্ত কুমাৰ গোস্বামীৰ "অসমীয়া ভাষাৰ সুৱাগমনি"গ্ৰন্থ কেইখন গ্ৰন্থ কেইখন উন্মোচন কৰা হয়। সাহিত্যৰথী; আধুনিকতাৰ অধিনায়ক লক্ষ্মীনাথ বেজবৰুৱাৰ ওঠৰ ফুট উচ্চতাৰ আৱক্ষ মুৰ্ত্তিটো নিৰ্মান কৰে ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।