সদৌ অসম যোগ মহাসংঘৰ উদ্যোগত জামুগুৰিহাটৰ কুসুমটোলাত যোগ প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ

 12/25/2020 - 17:09

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাস্থিত “অমৃতপম প্লাৱিক স্কুলত” আজি পুৱা ১০ বজাত সদৌ অসম যোগ মহাসংঘৰ উদ্যোগত অনুষ্ঠিত কৰা যোগ প্ৰশিক্ষণ শিবিৰ শুভাৰম্ভ কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ এশৰো অধিক শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে অবিভক্ত শোণিতপুৰ জিলাৰ নাগশংকৰৰ নিৰঞ্জন গগৈয়ে। শিবিৰৰ শুভাৰম্ভ অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাই৷

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দুলু গগৈয়ে৷ বন্তি প্ৰজ্বলন কৰে অমৃতপম প্লাৱিক স্কুলৰ অধ্যক্ষ দুলাল মাহালীয়ে। সভাপতিৰ ভাষন প্ৰসংগত অধ্যক্ষ জীৱন বৰাই কয় যে যোগ তথা শৰীৰ চৰ্চাৰ জৰিয়তে শিক্ষাৰ্থীসকলক সক্ৰিয় কৰি তোলাৰ লগতে বিভিন্ন ৰোগ নিৰাময় কৰিব পৰা যায়। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা যোগ প্ৰশিক্ষণ শিবিৰটিত সদৌ অসম যোগ মহাসংঘৰ উদ্যোক্তা সকলে প্ৰশিক্ষাৰ্থী সকলৰ সু-স্বাস্থ্য আৰু উৎজ্জ্বল ভৱিষ্যত কামনা কৰে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।