তামুলপুৰত বিটিচিৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাক সম্বৰ্ধনা, হেমন্ত কুমাৰ ৰাভাক কাৰ্যবাহী সদস্যৰ পদ দিবলৈ অনুৰোধ ৰাভা ছাত্ৰ সন্থাৰ

 12/26/2020 - 12:48

 

তামুলপুৰঃ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল-বিজেপি আৰু জিএছপি সন্মিলিত বিটিচি পৰিষদত ৰাভা জনগোষ্ঠীৰ পৰা মনোনীত সদস্য হিচাপে নিযুক্তি লাভ কৰা তামুলপুৰৰ সন্তান হেমন্ত কুমাৰ ৰাভাক শুকুৰবাৰে তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা সভাত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনে হেমন্ত কুমাৰ ৰাভাক বিপুল সম্বৰ্ধনা জনায়। তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত আৰু তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু ৰাভাই আঁঁত ধৰা বিশেষ সম্বৰ্ধনা সভাত বাক্সা জিলা ৰাভা ছাত্ৰ সন্থা, বাক্সা জিলা ৰাভা জাতীয় পৰিষদ, বাক্সা জিলা ৰাভা সাহিত্য সভা, বাক্সা জিলা ৰাভা কৰ্মচাৰী পৰিষদ, বাক্সা জিলা ৰাভা মহিলা পৰিষদ, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতি আৰু তামুলপুৰ মহকুমাৰ বিভিন্ন গাও উন্নয়ন সমিতিকে ধৰি বিভিন্ন জাতীয় দল সংগঠনে ৰাভা জাতীয় পাজাৰ, শৰাই, মান পত্ৰ আদিৰে ৰাভাক সম্বৰ্ধনা জনায়।

জাতীয় দল সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি হেমন্ত কুমাৰ ৰাভাই কয় যে বঞ্চিত অঞ্চলটোৰ লগতে ৰাভা জনগোষ্ঠীৰ উন্নয়নৰ বাবে তেওঁ অনাগত দিনত কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ সকলোৰে আশীৰ্বাদ কামনা কৰাৰ উপৰিও দিহা পৰামৰ্শ পাব বুলি আশা প্ৰকাশ কৰে। সম্বৰ্ধনা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক বীৰেণ ৰাভা, বাক্সা জিলা ৰাভা সাহিত্য সভাৰ সভাপতি বলেন ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক দিপাংকৰ ৰাভা, ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ সভাপতি লক্ষী ৰাভা আৰু শিক্ষক সুৰেণ ৰাভায়ো সাৰুৱা ভাষণ প্ৰদান কৰে। ৰাভা জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা আজিৰ বিশেষ সম্বৰ্ধনা সভাত তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই সম্বৰ্ধনা সভাৰ জৰিয়তে নৱ গঠিত বিটিচি পৰিষদৰ লগতে অসম চৰকাৰক ৰাভা জনগোষ্ঠীৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাক জনগোষ্ঠীটোৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে কাৰ্যবাহী সদস্যৰ পদ দিবলৈ টানি অনুৰোধ জনায়। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।