বছৰৰ শেষৰটো দেওবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো ভৰি পৰিছে বনভোজ প্ৰেমীৰে

 12/27/2020 - 16:39

 

খাৰিজা বিজনীঃ অভিলেখ সংখ্যক বনভোজকাৰীৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। শীতৰ আগমনৰ লগে লগে বনভোজ প্ৰেমীৰে ভৰি পৰিছে বনভোজস্থলীসমূহ। বছৰৰ শেষৰটো দেওবাৰ উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানো ভৰি পৰিছে বনভোজকাৰী দলেৰে। অভিলেখসংখ্যক বনভোজকাৰীৰে লোকে লোকাৰণ্য হৈ পৰিছে মানাহৰ বনভোজস্থলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সৰু-বৰ গাড়ীৰে মানাহলৈ সোঁত বৈছে হাজাৰ হাজাৰ বনভোজকাৰীৰ।

মানাহৰ বনভোজস্থলীত তৃপ্তিৰে এসাজ খাই আনন্দ উল্লাস কৰিছে বনভোজকাৰীসকলে। ইয়াৰোপৰি বেঁকী নৈত নৌকা বিহাৰৰো আনন্দ উপভোগ কৰিছে বিভিন্নজনে। মুঠৰ ওপৰত যৌৱনা মানাহত বনভোজকাৰীৰ ভিৰৰ বাবে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।