দেৰগাঁৱৰ চিকাৰী ঘাট বনভোজস্থলীত বনভোজ প্ৰেমীৰ ভিৰ

 12/28/2020 - 13:18

 

দেৰগাঁওঃ নতুন বছৰ সমাগত। নতুন বছৰ মানেই বনভোজৰ উল্লাহ। লগতে আজি ২০২০ৰ শেষৰ দেওবাৰ। ৰাজ্যৰ বিভিন্ন মনোমোহা প্ৰান্তত এতিয়া আগমন ঘটিছে বনভোজ যাত্ৰীৰ। এনে সময়তে উজনি অসমৰ জনপ্ৰিয় বনভোজস্থলী চিকাৰী ঘাটে লাভ কৰিছে এক বিনন্দীয়া ৰূপ। দেৰগাঁৱৰ পৰা লক্ষীমপুৰ আৰু মাজুলিলৈ নৌকা যাত্ৰা কৰিব পৰা ব্ৰহ্মপুত্ৰৰ এটা ঘাট হৈছে এই চিকাৰীঘাট। ডিচেম্বৰ মাহৰ পৰাই এই ঘাটলৈ বনভোজ দলৰ আগমন ঘটে ব্যাপক ভাৱে। লুইতৰ বালিচৰত বনভোজ খাই বহু দূৰ-দূৰণিৰ লোকে। লুইতৰ বালিচৰত উপলব্ধ হৈছে জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ পৰা জনগোষ্ঠীয় নৃত্য-গীতলৈকে।

ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা যাত্ৰাও কৰিব পাৰিব বনভোজৰ দলে। বনভোজৰ বতৰত চিকাৰী ঘাট এতিয়া হৈ পৰিছে যৌৱনা। দেৰগাঁও চহৰৰ পৰা প্ৰায় ১০ কি:মি নিলগৰ লুইতৰ এই বালিচৰলৈ বনভোজ খাবলৈ আহিব পাৰে আপুনিও। ভাল লাগিব আপোনাৰো। আজি ব্যস্ততাৰ মাজতে কিছু সময়ৰৰ বাবে মনোমোহা চিকাৰীঘাট বনভোজস্থলীত বনভোজ খাবলৈ অহা দেখা গ'ল গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোডী, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক সুৰজিৎ সিং পানেচৰ আদি কৰি কেইবাজনো উচ্চ প্ৰদস্থ আমোলাৰ পৰিয়াল। চিকাৰীঘাটৰ নৈস্যগীক পৰিৱেশৰ মাজত বিলিন হৈ পৰা দেখা গ'ল তেওঁলোকক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।