মৎস্য পালনত দেশৰ ভিতৰতে উজলিল নগাঁও জিলাঃ ষ্টেট বেংকে প্ৰদান কৰিলে ঋণ

 12/29/2020 - 13:14

 

 


টুকটুকীঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি আত্মনির্ভৰশীল ভাৰতৰ অধীনত ষ্টেট বেংকৰ প্ৰসংশনীয় পদক্ষেপ। ভাৰতীয় ষ্টেট বেংকৰ নগাঁও সংমণ্ডলে ৪০০ জন মীন পালক আৰু ২৫৪ টা আত্মসহায়ক গোটক আগবঢ়ালে ঋণ। গ্ৰাম্য অৰ্থনৈতিক উন্নয়ন আৰু জনসাধাৰণক আৰ্থিকভাৱে টনকিয়াল কৰাৰ উদ্দেশ্যৰে প্ৰতি গৰাকী হিতাধিকাৰীক এক লাখৰ পৰা দুই লাখ পৰ্যন্ত আগবঢ়াইছে ঋণ।

সোমবাৰে বটদ্ৰৱাৰ চকলাঘাটত অনুষ্ঠিত ভাৰতীয় ষ্টেট বেংকৰ মেগা ঋণ মেলাত উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ মহা প্ৰবন্ধক আৰ. এছ. ৰমেশৰ লগতে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্ম নাভন। উল্লেখ্য যে মৎস্য পালনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে নগাঁও জিলা আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে ভাৰতীয় ষ্টেট বেংকে এই প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।