ৰূপহীহাটৰ প্ৰাক্তন অগপ বিধায়ক আব্দুল আজিজক বিজেপি দলৰ দ্বিতীয় শুকুৰ আলী বুলি মন্তব্য কৰি বিপদত ছেলিম জাবেদৰ

 01/02/2021 - 13:07


জুৰীয়াঃ ৰূপহীহাটৰ প্ৰাক্তন অগপ বিধায়ক তথা ন বিজেপি আব্দুল আজিজৰ বিৰুদ্ধে সামাজিক মাধ্যমত কটু মন্তব্য প্ৰদান কৰি বিপদত ৰূপহীহাটৰ গড়াজান জিলা পৰিষদৰ কংগ্ৰেছ দলৰ সদস্য ছেলিম জাবেদ। ৰূপহীহাটৰ প্ৰাক্তন অগপ বিধায়ক গৰাকীক বিজেপি দলৰ দ্বিতীয় শুকুৰ আলী বুলি মন্তব্য কৰিছিল ছেলিম জাবেদে। তাৰ পিছতেই সমষ্টি বাসী ৰাইজৰ ক্ষুভৰ বলি হবলগীয়া হৈছিল ছেলিম জাবেদক। ৰূপহীহাটৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীৰ বিৰুদ্ধে কৰা এনে মন্তব্য কোনেও সহজ ভাবে মানি লব পৰা নাছিল। আৰু অৱশেষত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰূপহীহাটৰ গড়াজান জিলা পৰিষদৰ সদস্য ছেলিম জাবেদে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।