ঘগ্ৰাপাৰৰ বনভাগ জাতীয় বিদ্যালয়ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

 01/02/2021 - 18:44

 

বাহাৰঘাটঃ নলবাৰী জিলা ঘগ্ৰাপাৰৰ বাঘমাৰাস্থিত বনভাগ জাতীয় বিদ্যালয় আজি অষ্টম তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা। এই উপলক্ষে আজি ৰাতিপুৱা পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে বনভাগ জাতীয় বিদ্যালয় অধ‍্যক্ষ বিনোদ তালুকদাৰে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১২ বজাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ লহকৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে উপাধ‍্যক্ষ হেলিম আহমেদে।

অনুষ্ঠানটিত বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববী, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি ছাত্ৰ-ছাত্ৰীসকলকে অংশগ্ৰহণ কৰে।সভাত বিদ্যালয়খনৰ অধ‍্যক্ষ বিনোদ তালুকদাৰে বিদ্যালয় প্ৰতিষ্ঠা দিৱস তাৎপৰ্য বাখ্যা কৰাৰ লগতে এই জাতীয় বিদ্যালয়সমুহে অসমীয়াৰ স্বাৰ্থত অসমীয়া ভাষা জীয়াই ৰখাত গুৰুত্ব দায়িত্ব বহন কৰি আহিছে বুলি মন্তব্য আগবঢ়ায়। লগতে শিক্ষাবিদগৰাকীয়ে জাতীয় বিদ্যালয়সমূহ জীয়াই ৰখাত অসমীয়া সমাজে আগবাঢ়ি লাগিব বুলি আহ্বান জনায়।উক্ত সভাত ছাত্ৰ-ছাত্ৰীসকলক আজি প্ৰতিযোগিতাত লাভ কৰা বঁটাসমূহ বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।