২৭ নং বিলাসীপৰা পূৱ সমষ্টিৰ অন্তৰ্গত চাপৰ-শালকোছা ব্লক কংগ্ৰেছৰ সৌজন্যত 'বুথ সন্মিলন'

 01/05/2021 - 13:28

 

চাপৰঃ ধুবুৰী জিলাৰ চাপৰ ধীৰঘাট ছিনিয়ৰ মাদ্ৰাছা প্ৰাংগনত চাপৰ-শালকোছা ব্লক কংগ্ৰেছৰ সৌজন্যত 'বুথ সন্মিলন' সভা অনুষ্ঠিত হয়। চাপৰ-শালকোছা ব্লক কংগ্ৰেছৰ সভাপতি ছোৰহাফ আলী, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি উদয় দাস, পুঠিমাৰী জিলা পৰিষদ আসাদ আলী, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক জিয়াউৰ ৰহমান, ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তাইবালি সৰকাৰ, দিলীপ কুমাৰ নাগ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সমন্বয়ক নুৰুল আমিন, দলীয় প্ৰশিক্ষক ফাৰুক চৌধুৰী, সমন্বয়ীকা প্ৰশিক্ষিকা ডেইজী মেধি, লগতে বহু কেইবাগৰাকী কংগ্ৰেছী নেতা-নেত্ৰী বৰ্গ‌ আৰু ৰাইজৰ উপস্থিতিত 'বুথ সন্মিলন' অনুষ্ঠিত হয়।

প্ৰশিক্ষণ দিব বিভিন্ন আঞ্চলিক পৰ্যায়ৰ বুথ কমিটিৰ সভাপতিৰ লগতে সদস্যসকলক। ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ সা-সুবিধাৰ বুজ লোৱা, মত বিনিময় আৰু মনৰ ভাবধাৰা বুজিবৰ বাবে প্ৰশিক্ষণ দিব। ২০২১চনৰ বিধান সভা নিৰ্বাচনত ২৭নং বিলাসীপাৰা পূব সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত আৰু অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হব বুলি এই কথা ব্লক কংগ্ৰেছৰ সভাপতিয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।  

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।