অৰুণাচল প্ৰদেশত বিধায়কক হত্যা দুৰ্বৃত্তৰ

 05/21/2019 - 18:14

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশৰ টিৰাপৰ বগাপানীত টিৰঙ আবহ নামৰ এজন এনএনপিৰ বিধায়কক আজি পুৱাৰ ভাগত গুলিয়াই হত্যা কৰা হয়। লগতে বিধায়কজনৰ দহজন দেহৰক্ষীকো গুলিয়াই হত্যা কৰে দুবৃত্তই। বিধায়কগৰাকীক এনএছচিএন (আইএম) নামৰ বিদ্ৰোহী সংগঠনৰ সদস্যই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।