নলবাৰীৰ পল্লা পথৰ সন্ধেলীত ভাৰতীয় সেনাবাহিনীৰ বাহনৰ খুন্দাত থিতাতে নিহত এজন শিক্ষক

 01/09/2021 - 15:21
 
 
বাহাৰঘাটঃ নলবাৰীৰ পল্লা পথৰ সন্ধেলীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এগৰাকী শিক্ষক থিতাতে নিহত। নিহত লোকজন নলবাৰী কলবাৰীৰ নিবাসী অনিল বৰ্মন বুলি জানিব পৰা গৈছে। চামতাৰ দিশে নিজৰ স্কুটীৰে(AS 14-D-1496) গৈ থকা অৱস্থাত শিক্ষকগৰাকীক বিপৰীত দিশৰ পৰা অহা ভাৰতীয় সেনাবাহিনীৰ ট্ৰাকখনে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। নিহত অনিল বৰ্মন নলবাৰীৰ কুমাৰীকাটা LP স্কুলত শিক্ষক বুলি জানিব পৰা গৈছে। সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে দুৰ্ঘটনাস্থলীত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।