সানেকুছি গাঁও পঞ্চায়তৰ বৰশিমলুৱাত বিজেপিৰ সাংগঠনিক ৰাজহুৱা সভা

 01/10/2021 - 14:44
 
 
বাহাৰঘাটঃ বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে আজি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ৫৩(৭)সানেকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰশিমলুৱাত এখন সাংগঠনিক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ তদুপলক্ষে আবেলি বৰভাগ মণ্ডল বিজেপিৰ উপসভাপতি অৰূপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নলবাৰী জিলা সংখ্যালঘূ মৰ্চাৰ সভাপতি ৰুবুল আলিয়ে কয় যে বৰক্ষেত্ৰীৰ ৰাইজে কংগ্ৰেছক এইবেলি সামন্য ভোট হে দিব৷
 
ভাষনত তেওঁ আগন্তুক নিৰ্বাচনত সমষ্টিটোত বৰ্তমানৰ বিধায়ক নাৰায়ণ ডেকাক সমষ্টিবাসীয়ে ২০১৬ত কৈ বেচি ভোট দি জয়যুক্ত কৰিব৷ সভাত বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক কিষান মৰ্চাৰ সদস্য লক্ষী কলিতা আদিকৰি কেইবাজনো দলীয় কাৰ্য্যকৰ্তাই দলীয় সংগঠনৰ ওপৰত বক্তব্য দিয়ে৷ সভাত প্ৰতিজন বক্তাই নতুন ৰাজনৈতিক দল ৰাইজৰ দল আৰু এজেপিক কঠোৰ সমালোচনা কৰি কয় যে এইবোৰ দলৰ কোনো গণভিত্তি নাই৷
 
তেওঁলোকৰ প্ৰলোভনত ৰাইজক ভোল নেযাবলৈও ৰাইজলৈ আহ্বান জনাই৷ সানেকুছি গাঁও পঞ্চায়তৰ সভাপতি মুনীন বেজে আদৰনী ভাষন দিয়া সভাখনৰ আতধৰে বিজেপি কৰ্মী ৰঞ্জিত নমশুদ্ৰই৷ সভাৰ অন্তত আঞ্চলিক পঞ্চায়তৰ সভাপতি মহেন্দ্ৰ নাথ শৰ্মা আৰু পঞ্চায়ত সভাপতি মুনীন বেজে গাঁওখনত চতুৰ্দশ বিত্তীয় আয়োগৰ ধনৰে নিৰ্মিত তিনিটা গুৰুত্বপূৰ্ণ আঁচনিৰ শুভ উদ্বোধনী কৰে৷ আজিৰ অনুষ্ঠানত বৰভাগ মণ্ডল বিজেপিৰ সম্পাদক মৃন্ময় দাস, কিষান মৰ্চাৰ সভাপতি অচ্যুত দাসকে ধৰি, এছ চি মৰ্চা, সংখ্যালঘূ মৰ্চা, যুৱমৰ্চা আৰু মহিলা মৰ্চাৰ কেইবাজনো কাৰ্য্যকৰ্তাই অংশগ্ৰহণ কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।