নীলবাগান ক্ৰীড়া সন্থাৰ সংবাদ মেল

 01/11/2021 - 15:07
 
 
 
 ডবকাঃ অহা ১৭ জানুৱাৰীৰ পৰা নীলবাগান ক্ৰীড়া সন্থাৰ খেল পথাৰত জে এফ ফাউণ্ডেচন প্ৰাইজমানি নাইট ফুটবল চেম্পিয়নশ্বিপ- ২০২১ খেল অনুষ্ঠিত হ'ব৷ আজি ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত সন্থাৰ সম্পাদক নাজিম উদ্দিনে এক সংবাদ মেল যোগে এই কথা সদৰি কৰে৷ খেলখনত চেম্পিয়ন প্ৰাইজমানি ট্ৰফিসহ নগদ ৫০ হাজাৰ টকা আৰু ৰানাৰ্চআপ ৩০ হাজাৰ টকাৰ লগতে আকৰ্ষণীয় ট্ৰফি থাকিব৷ এই প্ৰতিযোগিতাখন মাত্ৰ তিনিদিনীয়া কাৰ্য্যসূচীৰে চলিব আৰু ২০ জানুৱাৰীত ফাইনেল খেলখন অনুষ্ঠিত হ'ব বুলি সংবাদ মেলত সদৰি কৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।