ৰঙিয়াত মাইক্ৰ'অৱজাৰভাৰসকলক ভোট গণনা সন্দৰ্ভত প্ৰশিক্ষণ

 05/22/2019 - 12:36

ৰঙিয়াঃ লোকসভা নিৰ্বাচনৰ অহা ২৩ মে'ত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। নিৰ্বাচন আয়োগে ৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৬ নং কমলপুৰ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টি এলেকাৰ ভোট গণনা পৰ্যবেক্ষণ কৰাৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োজিত কৰা নগালেণ্ড চৰকাৰৰ যুটীয়া সচিব এচ.তাইনিউৱে আজি ৰঙিয়া নিৰ্বাচন জিলাত উপস্থিত হৈ জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ বৰদলৈৰ সৈতে ভোট গণনা কেন্দ্ৰৰ কামকাজ সমূহৰ অগ্ৰগতিৰ বুজ লয়।

লগতে ভোট গণনা পৰ্যবেক্ষক গৰাকীয়ে জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ বৰদলৈৰ উপস্থিতিত ৰঙিয়া মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মাইক্ৰ'অৱজাৰভাৰ সকলক ভোট গণনা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি বৰদলৈৰ সৈতে প্ৰশিক্ষণ প্ৰদান অনুস্থানটিত উপস্থিত থাকে মহকুমা নিৰ্বাচন বিষয়া ৰিপণ জ্যোতি নাথ। স্মৰ্তব্য যে, শুক্ৰবাৰে জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ সঞ্চালনাত এই সকল মাইক্ৰ'অৱজাৰভাৰক লৈ এক বিশেষ অৰিয়েণ্টচন কাৰ্যসূচী সম্পন্ন কৰা হয়।

একেটা দিনতে মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ এজেণ্ট সকলক লৈ আন এক বিশেষ অৰিয়েণ্টেচন প্ৰশিক্ষণ কাৰ্য্যসূচীও ৰূপায়ন কৰা হয়। ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ৰূপায়িত এই অনুস্থানত জিলা নিৰ্বাচন বিষয়া বৰদলৈয়ে ভাৰতৰ নিৰ্বাচন আয়োগে ভোট গণনা সংক্ৰান্তত আগবঢ়োৱা প্ৰয়োজনীয় নীতি -নিৰ্দেশনা সমূহ পুংখানুপুংখভাৱে উপস্থাপন কৰে। মঙ্গলদৈ লোকসভা সমষ্টিৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ১১ গৰাকী প্ৰাৰ্থীৰ এজেণ্টসকলক তেখেতে ভোট গণনা সন্দৰ্ভত ৰঙিয়া নিৰ্বাচন জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰে । কাৰ্যসূচীটোত মহকুমা নিৰ্বাচন বিষয়া ৰিপণ জ্যোতি নাথ উপস্থিত থাকি নিৰ্বাচন সংক্ৰান্তত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।