বাক্সাৰ ওদালগুৰী আৰু বালিপুৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ

 01/18/2021 - 14:30
 
 
 
খাৰিজা বিজনীঃ মানাহৰ পৰা প্ৰতিদিনে ওলাই অহা বন্যহস্তীৰ বৃহৎ জাকে তাণ্ডৱ চলাইছে বাক্সাৰ বিভিন্ন প্ৰান্তত৷ বাক্সাৰ ওদালগুৰী আৰু বালিপুৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলায় অঞ্চল দুটাত৷ বিলাহী, জলকীয়া, বেঙেনা আদি বহুবিঘা শস্য তহিলং কৰে বন্যহস্তীৰ জাকটোৱে৷ নিশাই গাঁওবাসীয়ে হাতীৰ জাকটো খেদি পঠিওৱাৰ চেষ্টা কৰিও বিফল হয়৷ বন্যহস্তীৰ সমস্যা সমাধানত বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে৷ ঋণ লৈ খেতি কৰাৰ অন্তত বনৰীয়া হাতীয়ে কৃষিভূমিত তাণ্ডৱ চলোৱাত মুৰে কপালে হাত দিছে দৰিদ্ৰ কৃষকসকলে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।