নগাঁৱত অমূল্য মান্না আলোকচিত্ৰ বঁটা-২০২১ প্ৰদান অনুষ্ঠান

 01/19/2021 - 19:52
 
 
 
 
নগাঁওঃ অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি আৰু ফটোগ্ৰাফী ইনষ্টিটিউত অব্ আসামৰ সহযোগত নগাঁৱৰ কিশলয় ভৱনত মঙলবাৰে "অমূল্য মান্না আলোকচিত্ৰ বঁটা-২০২১" প্ৰদান কৰা হয়৷ সাংবাদিক শৈলেন শইকীয়াই আতধৰা এক গাম্ভীৰ্যপূৰ্ণ সভাত এই বঁটা প্ৰদান কৰা হয় আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাক৷
 
প্ৰায় শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে ড° হিতেশ ডেকা উপাচাৰ্য শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়, ড০ শৰৎ বৰকটকী অধ্যক্ষ নগাঁও মহাবিদ্যালয়, জ্যেষ্ঠ সাংবাদিক আবু হানিফাকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাৰ দ্বাৰা প্ৰদান কৰা এই বঁটা গ্ৰহণ কৰি উৎফুল্লিত শিল্পী গৰাকী৷ গামোচা-চেলেং, ফুলৰ থুপা, স্মাৰক আৰু নগদ ধন সন্নিবিষ্ট এই বঁটাটি প্ৰদান কৰিবলৈ পাই নিজকে ধন্য মানে উপাচাৰ্য ড০ ডেকাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।