বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ মেধা পৰীক্ষা

 01/23/2021 - 18:43
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এটি বিশেষ মেধা পৰীক্ষা অনুষ্ঠিত হৈছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত দশমমান শ্ৰেনীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা উক্ত পৰীক্ষাত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে যোৱা বেলিও বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উক্ত মেধা পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ইয়াৰ মাজৰে কেইবা গৰাকীয়ে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।