ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম কাকডোঙাৰ সুযোগ্য সন্তান বিকাশ পাঠক

 01/24/2021 - 15:05
 
 
 
 
দেৰগাঁওঃ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত কাকডোঙাৰ এটি দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰ বিকাশ পাঠকে ইণ্ডিয়া বুক অফ ৰেৰ্কডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা কাকডোঙাৰ ডুবিয়াল গাঁৱৰ তুলেশ্বৰ পাঠকৰ কণিষ্ঠ সন্তান বিকাশে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা, প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস আদি জাতীয় চেতনালব্ধ লিখক, শিল্পী, সাহিত্যিকৰ বচা বচা কবিতা, গীত, প্ৰবন্ধৰ সংগৃহীত পংক্তিৰে, খালি চকুৰে, মাত্ৰ দুই ইঞ্চি পৰিধিৰ ভিতৰতে পৃথিৱীৰ মানচিত্ৰ অংকন কৰি “ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হোৱাত উৎফুল্লিত কলেজৰ শিক্ষাগুৰুসকল আৰু পিতৃ-মাতৃ৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।