মাৰ্ঘেৰিটাত ক'লা পতাকা উৰুৱাই তীব্ৰ প্ৰতিবাদ আছুৰ

 01/24/2021 - 20:19
 
 
 
 
 
মাৰ্ঘেৰিটাঃ নাগৰিকত্ব আইন বাতিল আৰু অসম চুক্তি ৰূপায়ণৰ দাবীৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা চেগুনবাৰীত ক'লা পতাকা আঁ‌ৰি প্ৰতিবাদ সাব্যস্ত কৰে। চেগুনবাৰীত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি "কা" ৰ প্ৰতিলিপি দাহ কৰাৰ লগতে সাংবিধানিক ৰক্ষা কৱচ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বাবে দাবী জনায়। "কা" বাতিল কৰি অসমীয়াৰ যি অধিকাৰ তাক প্ৰদান কৰিবই লাগিব বুলি দৃঢ়তাৰে দাবী জনায় আছুৱে।
 
উল্লেখ্য যে,মাটি পট্টা, অসম চুক্তি আৰু সাংবিধানিক ৰক্ষা কৱচ আদি অসমীয়াৰ যি প্ৰাপ্য ইয়াৰ লগত "কা" ৰ দৰদাম কৰা কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ অসমৰ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোনোৱাল ব্যৰ্থ মুখ্যমন্ত্ৰীজনে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা গণতান্ত্ৰিক আন্দোলনত ভয় খাইছে বুলি উল্লেখ কৰে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিণ্টু গগৈয়ে।
 
আনহাতে অসমত আছুৰ গণভিত্তি আছে বুলি উল্লেখ কৰি আগন্তুক দিনত চৰকাৰ গঠনৰ বাবে যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলিও দৃঢ়তাৰে কয় আছুৰ সভাপতি গৰাকীয়ে। ইপিনে প্ৰতিবাদস্থলীত "কা"ৰ প্ৰতিলিপি দাহ কৰাৰ সময়তে আৰক্ষী আৰু আছু কৰ্মীৰ মাজত হতাহতি হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। পিছত মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া আৰু মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।