ডিগবৈত যুৱ কংগ্ৰেছৰ বিশাল বাইক ৰেলি

 01/25/2021 - 13:54
 
 
 
ডিগবৈঃ সমাগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ। চাৰিওদিশে এতিয়া ৰাজনৈতিক বতাহ বলিব ধৰিছে। পিছ পৰি থকা নাই ডিগবৈ বিধান সভা সমষ্টি। দেখা পোৱা গৈছে সমষ্টিটোত কংগ্ৰেছৰ তৎপৰতা তথা প্ৰচাৰ। সদৌ ভাৰত কংগ্ৰেছ কমিতিৰ সচিব তথা কংগ্ৰেছ দলৰ অসমৰ প্ৰভাৰী বিকাশ উপাধ্যায়ক সমষ্টিটোলৈ আদৰিবলৈ যুৱ কংগ্ৰেছৰ সহস্ৰাধিক কৰ্মীয়ে বিশাল বাইক ৰেলিৰে ৰাজীৱ ভৱনলৈ আদৰি আনে। ২০২১ৰ নিৰ্বাচনৰ ৰণ-নীতি তথা দলীয় কৰ্মীসকলৰ লগত মত-বিনিময় কৰে প্ৰভাৰী গৰাকীয়ে। ডিগবৈত পুনৰ কংগ্ৰেছৰ জয়ী হব বুলি দাবি জনাই কংগ্ৰেছ কৰ্মীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।