মৈৰাবাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

 01/25/2021 - 17:00
মৈৰাবাৰীত ৰাষ্ট্ৰীয় ভোটা
মৈৰাবাৰীঃ ভোটাধিকাৰ হৈছে আমাৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ এক অন্যতম আহিলা। আজি ধিং সমষ্টিৰ মৈৰাবাৰীত ভোটাৰ দিৱসত পালন কৰা হয়। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি, মৈৰাবাৰীৰ অঞ্চলৰ ১৬০ ৰ পৰা ১৮১ নং ভোট কেন্দ্ৰৰ BLO সকলে মৈৰাবাৰী এম ই মাদ্ৰাছাৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰে। আজিৰ এই ভোটাৰ দিৱসত দিনটোৰ তাৎপৰ্য দাঙি ধৰে প্ৰধান শিক্ষক তথা BLO ৰ পৰ্য্যাবেক্ষক হিবজুৰ ৰহমানে। আজিৰ এই ভোটাৰ দিৱসত অংশগ্ৰহণ কৰা নতুন ভোটাৰ সকলক প্ৰতীক, কলম আৰু ফুলেৰে আদৰণী জনোৱা হয়। উপস্থিত ভোটাৰ সকলক নিৰ্বাচনী আয়োগৰ শপত নামা পাঠ কৰাই গৌতম দেবনাথে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত ন পুৰণি ভোটাৰ উপস্থিত থকাৰ উপৰিও ছুপাৰভাইজৰ ক্ৰমে ৱাহিদুৰ ৰহমান, আমিনুল ইছলাম, 
 মৈৰাবাৰী, হাতীমূৰীয়া, তাতিকটাৰ গাঁওবুঢ়া ক্ৰমে ৰুহুল আমিন, আবুল মালেক, আবুল কাসেম উপস্থিত থাকে। প্ৰতিগৰাকী ভোটাৰে যাতে তেওঁলোকৰ গনতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে তাৰ বাবে বিশেষ কায্যসূচী গ্ৰহণ কৰিবলৈ ছুপাৰভাইজৰ হিবজুৰ ৰহমানে বি,এল,অ সকলক আহ্বান জনায়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।