শিৱসাগৰত ৭২ তম গণৰাজ্য দিৱস উদযাপন

 01/26/2021 - 14:04
 
  
 
 
শিৱসাগৰঃ শিৱসাগৰ বডিং খেলপথাৰত কেন্দ্ৰীয়ভাবে উদযাপিত কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী। গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী যোগেন মহনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অসম আৰক্ষী, সামৰিক বাহিনী আৰু বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যলয়ৰ স্কাউড, গাইড,এন চি চি ৰ কেটেড সকলৰ কুচ-কাৱাজৰ অভিবাদন গ্ৰহণ কৰে। পতাকা উত্তোলন কৰি উপস্থিত ৰাইজক দেশৰ ৭২ তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।