ডিজিটেল ডেস্কঃ বালাকোটত যোৱা ২৬ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই চলোৱা এয়াৰ ষ্ট্ৰাইকৰ সন্দৰ্ভত শনিবাৰে বিদেশ মন্ত্ৰণালয়ৰ প্ৰৱক্তা ৰবীশ কুমাৰে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ৰবীশ কুমাৰে পাকিস্তানক কটাক্ষ কৰি কয়- ‘পাকিস্তানৰ এফ-১৬ ধ্বংস কৰাৰ সকলো প্ৰমাণ দিয়াৰ পাছতো তেওঁলোকে এই আক্ৰমনক বাৰে বাৰে মিছা বুলি কৈ আহিছে। দৰাচলতে পাক চৰকাৰে জেইছ-ই-মহম্মদক উদ্ধাৰ কৰিবলৈ একেৰাহে চেষ্টা অব্যাহত ৰাখিছে।’
সংবাদমেলত বিদেশ মন্ত্ৰালয়ৰ প্ৰৱক্তা গৰাকীয়ে কয় 'পাকিস্তানে দাবী কৰাৰ দৰে তেওঁলোকৰ ওচৰত ভাৰতৰ দ্বিতীয়খন যুঁজাৰু বিমান ধ্বংস কৰা যদি ভিডিঅ’ মজুত আছে, তেনেহলে সেই ভিডিঅ’ ৰাজহুৱা কৰা নাই কিয়?’ আনহাতে সংবাদমেলত প্ৰৱক্তা ৰাবীশ কুমাৰে পাক চৰকাৰক সমালোচনা কৰি কয়- ‘ পাকিস্তানে সন্ত্ৰাসবাদক নিৰ্মূল কৰা কথা কৈছিল যদিও সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত বৰ্তমানলৈকে তেওঁলোকে কোনো লক্ষণীয় পদক্ষেপ গ্ৰহণ কৰা নাই। যোৱা ১ মাৰ্চত বি বি চিৰ সৈতে হোৱা এক বাৰ্তালাপত পাকিস্তানৰ বিদেশ মন্ত্ৰীয়ে নিজমুখে স্বীকাৰ কৰিছিল যে, জইছ-ই-মহম্মদৰ মাছুদ আজহাৰ পাকিস্তানতে চিকিৎসাধীন হৈ আছে। কিন্তু ইয়াৰ পাছতো তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ নকৰিলে।’ প্ৰৱক্তা গৰাকীয়ে লগতে কয় যে, বালাকোটৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ ওপৰত লক্ষ্য কৰিহে কৰা হৈছিল, এই আক্ৰমণৰ লক্ষ্য পাক সেনা নাছিল।’