নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 01/30/2021 - 15:21
 
 
 
 
নগাঁওঃ উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিশ্যনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিস্থিত শ্ৰীমন্ত শংকৰ মিশ্যনৰ মুখ্য কাৰ্যালয়ত আজি পুৱা স্বচ্চতা, মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, স্মৃতি তৰ্পণৰ পাছতে মিশ্যনৰ পতাকা আনুষ্ঠানিকভাৱে উত্তোলন কৰে অনুষ্ঠানটিৰ সভাপতি ডাঃ ধীৰেন বৰকাকতীয়ে। ইয়াৰ পাছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে উপ-সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে। শোভাযাত্ৰাটি মুকলি কৰাৰ লগতে ইয়াত উপস্থিত থকা জ্যেষ্ঠ নাগৰিক তথা মিশ্যনৰ প্ৰাক্তন সভাপতি তৰুন চন্দ্ৰ বৰদলৈ আৰু বিশিষ্ট সমাজসেৱক, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৰকাকতীক আদৰণি জনোৱা হয়। শোভাযাত্ৰাটি চহৰখনত পৰিভ্ৰমণ কৰি মিশ্যনৰ মুখ্য কাৰ্যালয় উপস্থিত হোৱাৰ পাছতে লোকসেৱক হলধৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান।
 
এই সভাৰ প্ৰাৰম্ভতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই কয়- শ্ৰীমন্ত শংকৰ মিশ্যন এনে এটা স্বেচ্ছাসেৱী সংগঠন যিটো অনুষ্ঠানৰ গৰিমা সমগ্ৰ উত্তৰ-পূব ভাৰততে বিৰাজমান। বিগত ৭২ টা বছৰত শ্ৰীমন্ত শংকৰ মিশ্যনে সমাজলৈ যি সেৱা আগবঢ়ালে ই আমাৰ নগাঁওবাসীৰ বাবে গৌৰৱৰ বিষয়। এই বৰ্ণিল ইতিহাসৰ সাক্ষী শ্ৰীমন্ত শংকৰ মিশ্যনৰ পানীগাঁও ছয়আলিত থকা ভুমিত ড০ ভূপেন হাজৰিকাৰ নামেৰে অত্যাধুনিক সাংস্কৃতিক কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে এটি প্ৰয়াস চলোৱা হৈছিল। সৌভাগ্যৰ কথা যে, প্ৰায় ২৩ কোটি টকাৰে নিৰ্মাণ কৰিব লগা প্ৰস্তাৱিত ভূপেন হাজৰিকা কলাক্ষেত্ৰৰ প্ৰকল্পটো ইতিমধ্যে প্ৰশাসনিক অনুমোদন লাভ কৰা হৈছে। আগন্তুক দিনত এই অভিলাষী প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব বুলি আশা ৰাখিছোঁ বুলি বিধায়ক ৰূপক শৰ্মাই মন্তব্য প্ৰকাশ কৰাৰ লগতে অনাগত দিনত শ্ৰীমন্ত শংকৰ মিশ্যনৰ প্ৰতি সহযোগিতা আগবঢ়োৱাৰ কথা অৱগত কৰে।
 
ইয়াৰ পাছতে ডা০ ধীৰেন বৰকাকতীৰ সভাপতিত্ব অনুষ্ঠিত তথা মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ, সাহিত্যিক শিবানন্দ কাকতি আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়াই। উক্ত সভাতে বিগত সময়খিনিত সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক কবীন বৰা, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা আৰু  পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰকল্প বিষয়া ডা: লম্বোদৰ হাজৰিকাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সভাতেই   ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰীমন্ত শংকৰ মিশ্যনৰ চাৰি গৰাকী শিক্ষাৰ্থীক প্ৰচলাকান্ত ভূঞা আৰু প্ৰয়াত গিৰিজাবালা ভূঞা ন্যাসৰ দ্বাৰা আগবঢ়োৱা জলপানী আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। বিয়লি সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ সামৰণি পৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।