পুনৰ হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী সু-সন্তানে

 02/01/2021 - 13:05
 
 
 ডবকাঃ যোৱা অক্টোবৰ মাহত BAMS ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হৈছিল, য'ত এনামুল হকে ৰাজীৱ গান্ধী মেডিকেল চায়েন্স ইউনিভাৰ্চিটিৰ অন্তৰ্গত কৰ্ণাটকৰ সকলো মেডিকেল কলেজৰ ভিতৰত জেনাৰেল চাৰ্জাৰি, মেডিচিন-1 আৰু মেডিচিন-2, এই তিনিটা বিষয়ত ৰাজ্যখনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰিছে৷ সামগ্ৰিকভাৱে তেওঁৰ অষ্টম ৰেংক লাভ কৰিবলৈ সক্ষম হয়। কৰ্ণাটকৰ দৰে শিক্ষাত আগবঢ়া ৰাজ্যৰ এখন ইউনিভাৰ্চিটিৰ সৰ্বোচ্চ নম্বৰ লাভ কৰি কৰ্ণাটকত অসমৰ নাম উজলাইছে হোজাইৰ সু সন্তান গৰাকীয়ে ৷ এই সফলতাৰ আৰত ছাত্ৰজনৰ একাগ্ৰতা আৰু পিতৃ আইনুল হক চৌধুৰীৰ উপযুক্ত গাইডৰ ফল বুলি অঞ্চলবাসীয়ে মন্তব্য কৰিছে৷ পষ্ট গ্ৰেজুৱেচন পিচত এনামুল হক চৌধুৰী এগৰাকী  সু-চিকিৎসক  হোৱাৰ আশা অঞ্চলবাসীৰ৷ উল্লেখ্য কিছুদিন পূৰ্বে ডুমডুমাৰ বীৰ ৰাঘব মৰাণ মডেল কলেজৰ অৰ্থনীতি বিভাগত সহকাৰী অধ্যাপকৰূপে নিযুক্তি লাভ কৰিছিল  নীলবাগানৰ সন্তান Aktar Hussain নে৷ এইবাৰ এনামুল হক চৌধুৰী৷ এনেদৰে নীলবাগান অঞ্চলৰ এজনৰ পিছত এজন সন্তানৰ সুখ্যাতিয়ে আপ্লুত কৰিছে হোজাইবাসীক। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।