বৰপেটাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

 02/01/2021 - 16:42
 
 
বৰপেটাঃ বৰপেটাতো জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি৷ দেওবাৰে শুৱালকুছিত আছুৱে কা'ৰ বিৰুদ্ধে গ্ৰহণ কৰা জোঁৰ সমদল কাৰ্যসূচীত গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱালৰ আৰক্ষীয়ে আছু কৰ্মীক যি নিৰ্মম অত্যাচাৰ চলাইছিল তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অত্যাচাৰী বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।