নিৰ্বাচনৰ পিছত মই সমষ্টিৰ ৰাইজক লগ কৰিব পৰা নাছিলো, আজি মই সমষ্টিৰ ৰাইজক লগ কৰিব আহিছোঁ, তেখেতসকলৰ সমস্যাসমূহৰ বুজ ল’বলৈ আহিছোঁ- প্ৰমোদ বড়ো

 02/04/2021 - 15:01
 
 
তামুলপুৰঃ তামুলপুৰত BTR ৰ মুৰব্বী মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ মন্তব্য- নিৰ্বাচনৰ পিছত মই সমষ্টিৰ ৰাইজক লগ কৰিব পৰা নাছিলো। আজি মই সমষ্টিৰ ৰাইজক লগ কৰিব আহিছোঁ। তেখেতসকলৰ সমস্যাসমূহৰ বুজ লবলৈ আহিছো। বিজেপি আৰু ইউপিপিএল লগলাগি সমাগত বিধানসভা নিৰ্বাচন খেলা হব। আমাৰ কিছু আনুষ্ঠানিকতা বাকী আছে। কিন্তু এতিয়ালৈ ইউপিপিএল বা বিজেপিৰ মাজত বিতং আলোচনা হোৱা নাই। মই পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছো। বেআইনী অস্ত্ৰ উদ্ধাৰ কৰা বাবে। যিমানবোৰ অবৈধ অস্ত্ৰ আছে যাতে সকলোবোৰ উদ্ধাৰ কৰে। আমি এখন অস্ত্ৰ মুক্ত, হিংসা মুক্ত সমাজ বিচাৰোঁ। নিৰ্বাচন খেলাৰ বাবে আমাৰ বহুত প্ৰাৰ্থী আছে। সময়ত আমি কৈ দিম। আপেলক কলে আঙ্গুৰে বেয়া পাব, ইফালে আমো ৰৈ আছে গতিকে সময়ত জনাম। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।