আজি শিৱসাগৰত ৰাইজৰ দলৰ পদযাত্ৰা

 02/04/2021 - 16:56
 
 
 
শিৱসাগৰঃ আজি ঐতিহাসিক শিৱসাগৰত ৰাইজৰ দলৰ পদযাত্ৰা। শিৱসাগৰৰ প্ৰত্যেকটো পঞ্চায়তলৈ পদযাত্ৰা ৰাইজৰ দলৰ নেতৃত্বৰ। আজিৰে পৰা ৭ দিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ পৰা আৰম্ভ হয় এই পদযাত্ৰা। জননেতা অখিল গগৈৰ মুক্তিৰ দাবীত আৰু কা’ আইনখনৰ বিষয়ে  সজাগতা কৰা আৰু আগন্তক ২১ ৰ নিৰ্বাচনত অখিল গগৈয়ে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰা বিষয়ত ৰাইজক সজাগতা কৰিবৰ বাবে ৰাইজৰ দলৰ এই পদযাত্ৰা। বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাইজক কিদৰে প্ৰতাৰণা কৰিছে সেই কথাত ক্ষোভ উজাৰিছে ৰাইজৰ দলৰ নেতৃত্বই। অসমৰ এজন প্ৰভাৱশালী নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ নেতৃত্বৰ। ডঃ হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীৰ লগতে বহুতো কেলেংকাৰীত জড়িত। জেলত যাবলৈ সাজু হওঁক বুলি তীব্ৰ সমালোচনা ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰৰ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।