লংকাত বন বিভাগৰ অভিযানঃ চোৰাং চেগুণ কাঠৰ কুণ্ডাসহ বাহন জব্দ

 02/06/2021 - 19:18
 
 
লংকাঃ লংকাত বন বিভাগৰ অভিযান। অভিযানত জব্দ প্ৰায় এক লাখ টকাৰ মূল্যৰ চোৰাং চেগুণ কাঠৰ কুণ্ডাসহ টাটা মৱাইল গাড়ী। বিশেষ সূত্ৰৰ পম খেদি লংকা বন বিভাগে কাৰিখানা দিশৰ পৰা লংকা অভিমুখে আহি থকা অৱস্থাত চোৰাং চেগুণ কাঠৰ কুণ্ডা ভৰ্টি টাটা মৱাইল গাড়ী জব্দ কৰে। কাৰিখানাৰ মান্দুলী অঞ্চলৰ পৰা জব্দ কৰে টাটা মৱাইল গাড়ীখন। জব্দকৃত গাড়ীখনৰ পঞ্জীয়ন নম্বৰ AS-01 AC 2941 ৷ ঘটনাস্থলীৰ পৰা পলায়ন গাড়ীখনৰ চালক। বৰ্তমান জব্দকৃত চোৰাং কাঠৰ কুণ্ডাসহ গাড়ীখন লৈ অহা হয় লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।