ডুমডুমা থানাৰ অন্তৰ্গত হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড

 02/06/2021 - 20:29
 
 
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত হাঁহচৰাৰ ফ্লিপকাৰ্ট কাৰ্যালয়ত যোৱা নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ চুৰিকাণ্ড। খুব নিপুনতাৰে আৰু চুৰিকাণ্ডৰ প্ৰমাণ নাৰাখিবলৈ চোৰে লৈ গ'ল চিচি টিভিৰ ডি ভি আৰ। সন্ধিয়া ৭.৪৫ বজাত ফ্লিপকাৰ্ট কাৰ্যালয়টো বন্ধ কৰি কৰ্মচাৰীসকল ঘৰলৈ গুছি যায় আৰু আজি পুৱা কাৰ্যালয়টো খুলিবলৈ আহোতে প্ৰত্যক্ষ কৰে উক্ত ঘটনাটো। লকাৰ ভাঙি চোৰে প্ৰায় ৭ লাখ টকা লৈ যোৱাৰ লগতে চিচি টিভি ভাঙি ডি ভি আৰটো চোৰে লৈ যায়। ঘটনাটো সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত ফ্লিপকাৰ্ট ডুমডুমা শাখাই এখন এজাহাৰ দাখিল কৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।