হোজাইত সদৌ অসম গাঁওৰক্ষী বাহিনী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস

 02/07/2021 - 12:37
 
 
ডবকাঃ হোজাইৰ শংকৰদেৱ নগৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ খেল পথাৰত যোৱা কালি সদৌ অসম গাঁওৰক্ষী বাহিনী সংগঠনৰ ৭২ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱা হোজাইৰ DSP দীপ্তি মালিয়ে বন্তি প্ৰজলন কৰাৰ পিছত শোভা যাত্ৰা উলিওৱা হয়৷ শোভাযাত্ৰাত জিলাখনৰ থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে৷ দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সন্মানীয় অতিথি হিচাপে হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, বিশিষ্ট অতিথি হিচাপে হোজাই জিলা উপায়ুক্ত ডা:  সাদনেক সিং, আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়, উপ আৰক্ষী অধীক্ষক দীপ্তি মালি গাঁওৰক্ষী বাহিনীৰ চি অ বিডিঅ 'মইনুল হক, আৰু ছমিৰ সৰকাৰ উপস্থিত থাকি প্ৰতিষ্টা দিৱস সন্দৰ্ভত বক্তব্য প্ৰদান কৰে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।