বৰপেটাৰ খোল বাদ্যৰ সম্ৰাট মনোজ কুমাৰ দাসক নৱপ্ৰভাত সংস্থাৰ 'অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা প্ৰদান

 02/07/2021 - 13:25
 
 
বৰপেটাঃ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি খোলবাদ্যক বিশ্ব দৰবাৰলৈ নিয়াৰ অবিৰাম প্ৰয়াসত ব্ৰতী একাডেমী অৱ খোলবাদ্যৰ প্ৰতিষ্ঠাপক মনোজ কুমাৰ দাসক শনিবাৰে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত 'অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা' প্ৰদান কৰা হয়৷ সংগীত নাটক অকাডেমীৰ বিছমিল্লাহ খাঁ যুৱ বঁটা লাভ কৰা মনোজ কুমাৰ দাসে খোলবাদ্যৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নিৰন্তৰ চলাই যোৱা প্ৰয়াসৰ বাবেই নৱ প্ৰভাত নামৰ সংস্থাটোৱে এই বঁটা আগবঢ়ায়৷
 
একেটা অনুষ্ঠানতে একশৰণ ভাগৱতী সমাজৰ প্ৰমুখ ইলাৰাম দাসক মৰণোত্তৰভাৱে 'অনুসূচিত জাতিপ্ৰাণ বঁটা, আৰু অভিনেতা জয়ন্ত দাসক অসম শিল্পীপ্ৰাণ বঁটা প্ৰদান কৰা হয়৷ ৰবীন্দ্ৰ ভৱনত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুস্থানত অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই মনোজ কুমাৰ দাসক বঁটা প্ৰদান কৰে৷ এই বঁটা প্ৰাপ্তিয়েই তেওঁক কাম কৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলিও ব্যক্ত কৰে৷
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।