উত্তৰাখণ্ডৰ জলপ্ৰলয়ত নিখোঁজ কাকীৰ যুৱক

 02/08/2021 - 19:55
 
 
নিউজ ডেস্কঃ উত্তৰাখণ্ডৰ জলপ্ৰলয়ত নিখোঁজ কাকীৰ যুৱক৷ লংকাৰ কাকীৰ ডেৰাপথাৰ ডালু গাঁৱৰ অজিত ডালুৰ 25 বছৰীয়া পুত্ৰ সুশান্ত ডালু নিখোজ৷ কামপুৰৰ দুই ভাতৃৰ লগত লগত 2020 চনৰ অক্টোবৰ মাহত কামৰ সন্ধানত গৈছিল উত্তৰাখণ্ডত৷ কালিৰ পৰা যোগাযোগ নাই পৰিয়ালৰ৷ কালি পুৱা 7 বজাৰ পিছৰ পৰা ফোন অফ সুশান্ত ডালুৰ৷ মেধাৱী শিক্ষিত যুৱক জনৰ নিখোজৰ খবৰে শোকাকুল পৰিয়াল আৰু গাঁওবাসী৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।