কল্পতৰু পাৱাৰ ট্ৰান্সমিচন লিমিটেডৰ বিৰুদ্ধে গোলাঘাটৰ জামুগুৰিত হিতাধিকাৰীৰ প্ৰতিবাদ

 02/09/2021 - 12:56
 
 
 
 
গোলাঘাটঃ বিদ্যুৎ বিভাগ আৰু বহিৰাগ বহুজাতিক কল্পতৰু পাৱাৰ ট্ৰান্সমিচন লিমিটেড নামৰ কোম্পানীটোৰ বিৰুদ্ধে থলুৱা কৃষক হিতাধিকাৰীক বঞ্চিত কৰাৰ প্ৰতিবাদত আজি গোলাঘাটৰ জামুগুৰিৰ কোম্পানীটোৰ গুডাম সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে থলুৱা কৃষক হিতাধিকাৰীয়ে। উল্লেখ্য যে নাগালেণ্ড কহিমাৰ পৰা গোলাঘাট পৰা যোৰহাট হৈ মৰিয়নিত ৪৪০ ভল্টৰ বিদ্যুৎ সংযোগৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু যিসকল কৃষক হিতাধিকাৰীয়ে বৰ্তমানেও ক্ষতিপূৰণ নিদিয়াত কল্পতৰু নামৰ বহুজাতিক কোম্পানী তথা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ত যোৱা ডিচেম্বৰ মাহত জিলা প্ৰশাসন, হিতাধিকাৰী আৰু কল্পতৰু আৰু কোম্পানীৰ একাংশ বিষয়ববীয়াৰ লগত আলোচনা মৰ্মে ডিচেম্বৰ মাহৰ ভিতৰত সকলো ক্ষতিপূৰণ আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও হিতাধিকাৰী সকলক ক্ষতিপূৰণ প্ৰদান নকৰাত আজি জামুগুৰি স্থিত গুদামত তলা ওলমাই দিয়ে।আনহাতে আজি হিতাধিকাৰী সকলে কল্পতৰু কোম্পানী গ' বেক, দুৰ্নীতি বন্ধ কৰক, আমাৰ প্ৰাপ্য আদায় দিয়ক আদি কৰি বিভিন্ন শ্ল'গানে আকাশ-বতাহ উত্তাল কৰি তুলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.