জামুগুৰিহাটত ৫০০ দিব্যাংগক প্ৰমানপত্ৰ বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

 02/09/2021 - 17:58
 
 
জামুগুৰিহাটঃমোৰ সমষ্টিৰ এজনো দিব্যাঙ্গ লোক চৰকাৰী সুবিধাৰ পৰা বাদ নপৰে৷ সকলো দিব্যাঙ্গ লোককে মই সুবিধা প্ৰদানৰ কৰ্মসুচী যুগুত কৰিছো৷ যোৱা সময়চোৱাত দিব্যাঙ্গ সকলে এখন চাৰ্টিফিকেটৰ কাৰণে অফিচ কাছাৰি দৌৰি সৰ্ব্বস্বান্ত হৈছিল৷ এতিয়াৰে পৰা কোনো দিব্যাঙ্গ কাৰ্যালয়ৰ পাছে পাছে দৌৰিব নেলাগে ৷ সকলোকে একে সময়তে একে স্থানতে মই যাৱতীয় নথিপত্ৰ প্ৰদানৰ সুবিধা কৰি দিছো৷
এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ আজি জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষা গৃহত চতিয়া সমষ্টিৰ দিব্যাঙ্গ সকলক লৈ অনুষ্ঠিত এক সভাত বিধায়ক গৰাকীয়ে আৰু কয় মোৰ সমষ্টিৰ সহস্ৰাধিক  দিব্যাঙ্গক যোৱা বৰ্ষৰ নবেম্বৰত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত আজি পাচঁশ দিব্যাঙ্গক আমি প্ৰমাণ প্ৰত্ৰ দিবলৈ সক্ষম হৈছো ৷
এই প্ৰমাণ পত্ৰ লাভ কৰাৰ পাছত প্ৰতিগৰাকী দিব্যাঙ্গই এতিয়া দিণদয়াল আচঁনিৰ লগতে চৰকাৰী অন্যান্ন সুবিধা লাভ কৰাটো নিশ্চিত হৈ পৰিল৷ দিব্যাঙ্গসকলক প্ৰমাণপ্ৰত্ৰ বিতৰণ অনুষ্ঠানটোত জিলা প্ৰশাসনৰ লগতে দিব্যাঙ্গ সন্থাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।