জামুগুৰিহাটত frazy food factory শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

 02/10/2021 - 13:05
 
 
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ এগৰাকী উদ্যমী যুৱক প্ৰিয়াংকু পাঠকৰ দ্বাৰা স্থাপন কৰিবলৈ লোৱা frazy নামৰ food factory ৰ কালি (মঙলবাৰে)শুভ উদ্বোধন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ অঞ্চলটোৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তি ও স্থানীয় ৰাইজৰ উপস্থিতিত বিধায়ক গৰাকীয়ে এই ক্ষুদ্ৰ উদ্যোগটিৰ দ্বাৰ উন্মোচন কৰি কয় যে মোৰ সমষ্টিত পোন প্ৰথমবাৰৰ বাবে স্থাপন কৰা এনে উদ্যোগ স্থাপন হল৷ উদ্যমী যুৱক প্ৰিয়াংকু পাঠকৰ ই এক ব্যতিক্ৰমী পদক্ষেপ৷
 
যুৱক গৰাকীয়ে একান্ত ব্যক্তিগত প্ৰচেষ্টাত এটা অত্যাধুনিক জুইচ তৈয়াৰ কৰা আৰু পেকেটিং ফেক্টৰীৰ আজি ফিটা কাটি শুভ উন্মোচন কৰাৰ পিছতে বিধায়ক পদ্ম হাজৰিকাই এই সন্দৰ্ভত তন্ন তন্নকৈ বুজ লয়৷ ফেক্টৰীটোৰ স্বত্বাধিকাৰী প্ৰিয়াংকু হাজৰিকাই জানিবলৈ দিয়া মতে frazy নামৰ এই ফেক্টৰীটোত টমেট' কেট্চআপ, জাম জেলী তাৰোপৰি বেবী কৰ্ন, পনীৰ আদিৰ পেকেটিঙো কৰা হ'ব৷ চৰকাৰী চাকৰীলৈ বাট নাচায় স্থাপন কৰা শিক্ষিত নিৱনুৱা প্ৰিয়াংকু পাঠকৰ এই পদক্ষেপে নিজৰ লগতে আন দহজন যুৱককো সংস্থাপন দিব লৈ সক্ষম হব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।