ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ ইদ্ৰিছ আলীৰ জানাজাত কেইবা সহস্ৰাধিক লোকৰ সমাগম

 02/10/2021 - 17:26
 
 
 
মৈৰাবাৰীঃ ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক ইদ্ৰিছ আলীৰ জানাজাত কেবা সহস্ৰাধিক লোকৰ সমাগম। শোকাকুল পৰিৱেশৰ মাজত ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ ইদ্ৰিছ আলীৰ জানাজা সম্পন্ন। মৈৰাবাৰী শ্বাহী ঈদগাহ মৈদামত কেইবা সহস্ৰাধিক গুণমুগ্ধই ভাগ ললে ইদ্ৰিছ আলীৰ অন্তিম জানাজা নামাজত৷ মঙলবাৰে নিশা তেখেতৰ নশ্বৰ দেই গুৱাহাটী ভেটাপাৰাস্থিত গৃহৰ পৰা মৰিগাঁৱলৈ অনা হয়৷ মৰিগাঁও মহাবিদ্যালয় প্ৰাঙ্গনত নিশা মৰিগাঁও জিলা সাহিত্য সভা আৰু মৰিগাঁও কলেজ শিক্ষক গোটে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই।
 
সেই নিশাই মৈৰাবাৰী লৈ অনা হয় আলীৰ নশ্বৰ দেহ৷ বুধবাৰে মৈৰাবাৰী শ্বাহী ঈদগাহ মৈদামত কেবা সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত অন্তিম জানাজা নামাজ সম্পন্ন হয়৷ ঈদ্দিশ আলী আছিল একেধাৰে শিক্ষাবিদ গৱেষক আৰু ৰাজনীতিবিদ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ লোক প্ৰশাসন বিভাগত মাষ্টাৰ অফ আৰ্টছ ডিগ্ৰী লৈ সেই বিষয়তে গবেষনা কৰি ডক্টৰেট ডিগ্ৰী লয় ২০ বছৰতকৈ অধিক কাল মৰিগাঁও মহাবিদ্যালয়ত অধ্যৱসায় কৰি ২০০১ চনত ধিং সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকট লৈ বিধান সভালৈ নিৰ্বাচিত হয়। চলিত বৰ্ষতো তেওঁ ধিং সমষ্টিৰ কংগ্ৰেছৰ সৱল টিকট দাবীদাৰ আছিল৷ উচ্চ ৰক্তচাপজনিত কাৰণত এসপ্তাহৰ আগতে অসুষ্ঠ হৈ জি এ এন আৰ চিত চিকিৎসাধীন অৱস্থাত মঙলবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ-পত্নী এক পুত্ৰ আৰু দুইগৰাকী কন্যা সন্তানক এৰি গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।