02/10/2021 - 17:55
in

ৰহাঃ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ এখন সাংগঠনিক সভা আজি ৰহাত অনুষ্ঠিত হয়৷ ৰহা নতুন চাৰিআলিৰ সমীপৰ মহেন্দ্ৰ নাথ হাজৰিকা প্ৰেক্ষাগৃহত ৮২নং ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত আঞ্চলিক আৰু বুথ সমিতিৰ বিশেষ সাংগঠনিক সভাখন অনুষ্ঠিত হয়৷ ৰাইজৰ দলৰ ৰহা সমষ্টিৰ সভাপতি অপূৰ্ব গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়৷ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা দলটোৰ প্ৰায় শতাধিক কৰ্মী উপস্থিত থকা সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ কেইবাজনো প্ৰতিনিধিৰ লগতে ৰাইজৰ দলৰ সম্পাদক ৰুবুল দাস৷