আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপঃ ৫৭ টা পৰিয়ালক ৭০ লাখ টকাৰ সাহাৰ্য প্ৰদান

 02/11/2021 - 14:48
 
ডবকাঃ ডবকাৰ ভেলেউগুৰীত আজমল ফাউণ্ডেচনৰ উদ্যোত আয়োজিত এখন সভাত ভাগ লৈ আজমল চি এছ আৰৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে কয়- যমুনামুখ সমষ্টিৰ ভেলেউগুৰীত আমি আজমল বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ইতিমধ্যে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছো৷ অতি কম সময়ৰ ভিতৰত ডবকাৰ ভেলেউগুৰীত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব৷ লগতে অহা এবছৰৰ ভিতৰত আজমল ফাউণ্ডেচনে ধুবুৰীত আন এখন বিদ্যবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে৷
 
এই সভাত আজি আজমল ফাউণ্ডচনে ৫৭ টা পৰিয়ালক কৰ্ম সংস্থাপনৰ এক নতুন বাট মুকলি কৰি দিয়ে। সাংসদ বদৰুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত ডবকাৰ ভেলেউগুৰীত ৫৭ টাকৈ পৰিয়ালক ৭০ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে আজমলে। অতি দৰিদ্ৰ পৰিয়ালৰ মাজত আজমল ফাউণ্ডেচনে বুধবাৰে আয়োজিত সভাত ই-ৰিস্কা, অষ্টেলিয়ান গাইগৰু, মহিলাক চিলাই মেচিন, মফেট (এক্সেল 100 মটৰ চাইকেল) ৰ লগতে হাহৰ পোৱালীসহ অন্যান্য সামগ্ৰী বিতৰণ কৰে৷ আজমল ফাউণ্ডেচনৰ এই প্ৰশংসনীয় কামৰ শলাগ লয় স্থানীয় ৰাইজে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।