বৰপেটাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ১

 02/11/2021 - 16:33
 
 
 
 
বৰপেটাঃ আজি বৰপেটাৰ বাৰাদিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত মৃত্যু হয় এজন বাইক আৰোহীৰ। প্ৰথমাৱস্থাত বাইক আৰোহী জনৰ কোনো ঠিকনা বিচাৰি পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত বাইক আৰোহীজন তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বালাধাৰী গাঁৱৰ খবুৰুদ্দিন আলীৰ পুত্ৰ  জাহিদুল আলী (২০) বুলি চিনাক্ত কৰা হৈছে‌। উল্লেখ্য যে, বাইক আৰোহীজন ঘৰৰপৰা বৰপেটালৈ গৈ থকা অৱস্থাত বাৰাদিত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো।
 
প্ৰত্যক্ষদৰ্শীৰ মতে এখন বলেৰো গাড়ীৰ সৈতে উক্ত বাইক আৰোহীজনৰ মুখামুখি সংঘৰ্ষ হয়। ফলত বাইক আৰোহী জাহিদুল আলী অতি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত জাহিদুল আলীক সেই সময়ত উক্ত পথেৰে আহি থকা এখন এম্বুলেঞ্চৰ চালক আৰু হেণ্ডিমেনে মানৱতাৰ পৰিচয় দাঙি ধৰি ততাতৈয়াকৈ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। প্ৰথমাৱস্থাত মৃত জাহিদুল আলীৰ সঠিক ঠিকনা বিচাৰি নোপোৱাৰ ফলত ভালেমান সময় বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত পৰি আছিল জাহিদুল ইছলামৰ মৃতদেহ। পৰৱৰ্তী সময়ত খবৰ পোৱা মাত্ৰেই চিকিৎসালয়ত উপস্থিতি হয় পৰিয়ালৰ লোক। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে মৃত বাইক আৰোহী জাহিদুল আলীয়ে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। মাত্ৰ পোন্ধৰদিনীয়া এটি সন্তানৰ পিতৃ জাহিদুলৰ আকস্মিক মৃত্যুত কান্দোনত ভাগি পৰে পৰিয়ালৰ লোক।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।