02/13/2021 - 15:32
in

বৰপেটাঃ উত্তৰ পূবৰ ভিতৰত বৰপেটা চহৰত আজি প্ৰথমবাৰৰ বাবে ৰ'ব'টিকৰ শিক্ষা প্ৰদান কৰা হয়৷ বিশ্বায়নৰ যুগত নিতৌ নতুন পদ্ধতিৰ আৱিষ্কাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বৈজ্ঞানিক কাৰিকৰী দিশত উত্তৰ পূবৰ নৱপ্ৰজন্ম কিদৰে আগবাঢ়িব এই উদ্দেশ্য আগত ৰাখিয়েই আজি বৰপেটা চহৰত থকা ব্ৰুকলিন মিছন স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক ৰবটিকছৰ শিক্ষা প্ৰদান কৰা হয়। গুৱাহাটীৰ উলুবাৰীস্থিত দ্যা লাৰ্নিঙ জোন নামৰ অনুষ্ঠানটোৰ সহযোগত আজি ছাত্ৰ-ছাত্ৰী সকলক ৰ'ব'টিকৰ লগতে ড্ৰন উৰণ তথা ড্ৰোণ নিৰ্মাণ আৰু 3D প্ৰিন্টিঙৰ ওপৰত ব্যৱহাৰিক শিক্ষা দিয়া হয়৷ ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী দিশত প্ৰেৰণা দিয়াৰ উদ্দেশ্যে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ চিনু আব্ৰাহামে এই পদক্ষেপ গ্ৰহণ কৰে৷ লক্ষণীয়ভাবে আজিৰ এই ৰবটিকছৰ শিক্ষাদানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক ৰবটিকছৰ ওপৰত যথেষ্ট উৎসুক দেখিবলৈ পোৱা যায়।