প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাক উভতি ধৰিলে মাৰ্ঘেৰিটাৰ বিজেপি নেতাই, ৰাজহুৱা সভাত দিয়া বক্তব্যক কাকপথাৰত সংবাদমেলৰ জৰিয়তে জনালে প্ৰত্যাহ্বান

 02/16/2021 - 20:23
 
 
 
 
কাকপথাৰঃ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক, শদিয়াৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী জগদীশ ভূঞাক এইবাৰ উভতি ধৰিলে মাৰ্ঘেৰিটাৰ বিজেপি নেতা ভাদেশ্বৰ মৰাণে৷ জগদীশ ভূঞাই মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়িদীহিং গাঁও পঞ্চায়তৰ বালিজানৰ এখন সভাত বুঢ়ীদিহীং মৌজাৰ লগতে মন্ত্ৰী হৈ থাকোতে মাৰ্ঘেৰিটা সমষ্টিৰ বাবে বহুত কাম কৰা বুলি ৰাজহুৱাভাবে কৰা মন্তব্যক প্ৰত্যাহ্বান জনায় বিজেপি বুঢ়ীদিহীং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে৷ বিজেপি নেতা গৰাকীয়ে কাকপথাৰত এখন সংবাদমেলৰ জড়িয়তে জনায় যে জগদীশ ভূঞাই সভাত কোৱাৰ দৰে কোনটো আৱৰ্ত ভৱনৰ বাবে ধন মুকলাই দিছিল সেইয়া স্পষ্ট কৰক৷ লগতে কেইবাটাও পথ নিৰ্মাণ কৰা বুলি ৰাজহুৱাভাবে কৰা মন্তব্যকো প্ৰত্যাহ্বান জনাই মৰাণে কয় যে কোন কেইটা পথ তেখেত মন্ত্ৰী হৈ থাকোতে নিৰ্মাণ কৰিছিল সেইয়াও ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায় বিজেপি নেতাজনে৷ ২০১৬ চনত মাৰ্ঘেৰিটা সমষ্টিত ভাস্কৰ শৰ্মা বিধায়ক হোৱাৰ আগৰলৈকে বৃহত্তৰ বুঢ়ীদিহীং অঞ্চলটোত কোনো ধৰণৰ উন্নয়ন হোৱা নাছিল বুলি জানিবলৈ দি নেতাজনে সমাগত নিৰ্বাচনত বিজেপি দলে পুনৰ সমষ্টিটোত ভাস্কৰ শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব আৰু সমষ্টিটোত পুনৰ ভাস্কৰ শৰ্মা জয়ী হোৱাটো নিশ্চিত বুলি মত প্ৰকাশ কৰে৷ বিভিন্ন মহলত চৰ্চা চলি থকাৰ দৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মাৰ্ঘেৰিটা সমষ্টিত  প্ৰাৰ্থীত্ব ললে সেইয়া বিজেপিৰ প্ৰতিজন কৰ্মকতাই আদৰণি জনাব বুলি জানিবলৈ দিয়ে ৷ আনহাতে যুৱ বিজেপি নেতা লক্ষ্য কোৱঁৰে সমষ্টিটোত প্ৰৱেশ কৰিলেই ২০/২৫ খন কনভয় ব্যৱহাৰ কৰা বিষয়টো অশোভনীয় লগতে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰা বুলিও সংবাদ মেলত উল্লেখ কৰে৷
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।