কাকপথাৰত মৰাণ জনগোষ্ঠীৰ দশম বাৰ্ষিক ৰাতিবিহু উদযাপন

 04/25/2021 - 13:47

 

কাকপথাৰ: অসমৰ এটা অন্যতম ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী মৰাণ জনগোষ্ঠী৷ আৰু এই মৰাণ জনগোষ্ঠীয়ে অতীজৰে পৰা বহাগৰ দ্বিতীয়টো মঙলবাৰে উৰুকা, বুধবাৰে গৰু বিহু বৃহস্পতিবাৰে মানুহৰ বিহু পালন কৰি আহিছে৷ আৰু ইয়াৰ লগত সংগতি ৰাখি মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনে কাকপথাৰত উদযাপন কৰে দশম বাৰ্ষিক ৰাতিবিহু৷ কভিড প্ৰট’কলৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰি সন্ধিয়া সাত বজাৰ পৰা ন বজালৈ অনুষ্ঠিত কৰে ৰাতিবিহুৰ কাৰ্যসূচী৷ কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা ৰাতিবিহুৰ অনুষ্ঠানত আৰক্ষী প্ৰশাসন, স্বাস্থ্য বিভাগৰ উপস্থিতিত প্ৰৱেশ দ্বাৰত মাস্ক অবিহনে প্ৰৱেশ নিষেধ আৰু সকলোকে চেনিটাইজ কৰি প্ৰৱেশ কৰিবলৈ দিয়া হৈছে৷ লগতে খেলপথাৰতো সকলোকে মাস্ক বিতৰণ কৰা হয়৷ এই ৰাতিবিহুৰ অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ নাচনী সকলক মৰাণ বিহুৱা সকলে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহৰ পৰা সুৰক্ষা বেষ্টনীৰ মাজেৰে আদৰি আনে৷ ইয়াৰ পিছতে খেলপথাৰত প্ৰৱেশ কৰে নাচনী সকলে আৰু এক নিৰ্দিষ্ট বেষ্টনীৰ মাজত মৰাণ ডেকা সকলে নাচনী সকলক চাকচনীৰ তালে তালে মৰাণ গীতৰ লহৰত নচুৱাই৷ SOP ৰ চৰকাৰী নীতি নিৰ্দেশনা পালন কৰি ৰাতিবিহুৰ আনুষ্ঠানিকতা পালন কৰি দুই ঘন্টাৰ ভিতৰত সামৰণি মাৰে ৰাতি বিহুৰ অনুষ্ঠান৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।