লৰমাবটাকুছি গাঁৱৰ মজিবৰ ৰহমান নামৰ এজন ব্যৱসায়ী ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু: তেওঁৰ পত্নীৰ দেহতো ক’ভিড-১৯ পজিটিভ

 04/26/2021 - 18:14

 

বাহাৰঘাট: নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত লৰমাবটাকুছি গাঁৱৰ মজিবৰ ৰহমান নামৰ এজন ব্যৱসায়ী লোকৰ ক’ৰনাত আক্ৰান্ত হৈ আজি দুপৰীয়া হোম কোৱাৰেন্টাইনত মৃত্যু হয়৷ উল্লেখযোগ্য যে আজিৰ পৰা তিনিদিন পূৰ্বে কভি’ডত আক্ৰান্ত হৈছিল৷ আজি তেওঁৰ পত্নী ৰেনু বিবিৰ দেহটো কভি’ড-১৯ পজিটিভ ধৰা পৰে৷ ইতিমধ্যে মৃত লোকজনৰ সৎকাৰৰ ব্যৱস্থা প্ৰশাসনৰ উপস্থিতিত কৰিবলৈ সাজু কৰিছে৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।