বৰপেটা জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা

 05/09/2021 - 14:01

 

 বৰপেটা: জিলাখনৰ লগতে সমীপৱৰ্তী অঞ্চলত নিতৌ বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা৷ পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকাত কঠোৰ পদক্ষেপ গ্ৰহণ বৰপেটা জিলা প্ৰশাসনৰ৷ কাইলৈৰ পৰা সাপ্তাহিক, দ্বি-সাপ্তাহিক হাট-বজাৰ, গৰু বজাৰ বন্ধ ঘোষণা জিলা প্ৰশাসনৰ৷ অনিৰ্দিষ্ট কাললৈ হাট-বজাৰ, গৰু বজাৰ বন্ধ ঘোষণাৰে নিৰ্দেশনা জাৰি জিলা দণ্ডাধীশৰ৷ হাট-বজাৰ, গৰু বজাৰত জনসমাগম ৰোধ কৰিবলৈ এই কঠোৰ পদক্ষেপ জিলা প্ৰশাসনৰ৷ জনসমাগমৰ পৰা ক'ভিডৰ গণ সংক্ৰমণৰ আশংকাত কঠোৰ সিদ্ধান্ত গ্ৰহণ জিলা প্ৰশাসনৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।