ছচিয়েল মিডিয়াত এতিয়া বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকলৈ আৱেগৰ ঢৌ

 05/09/2021 - 16:35

 


নিউজ ডেস্ক: মুখ্যমন্ত্ৰী হিচাপে পাঁচটা বছৰ সফলতাৰে সমাপ্ত কৰাৰ পিছত ২০২১ চনত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ লগতে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে। দেওবাৰে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীৰ হাতত সৰ্বানন্দ সোণোৱালে দাখিল কৰে পদত্যাগ পত্ৰ। এতিয়া ছচিয়েল মিডিয়াত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকলৈ আৱেগৰ ঢৌ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সকলোৱে সোণোৱালক সৎ, নিকা, আদৰ্শৱান আখ্যা দিছে। একাংশই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে যে, সকলো যোগ্যতা থাকিও মুখ্যমন্ত্ৰীৰ চকীখন হিমন্ত বিশ্ব শৰ্মালৈ হাঁহি হাঁহি আগবঢ়াই দি সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ ৰাজনীতিত এক নিদৰ্শন দাঙি ধৰিলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।